হাৰিভাঙ্গা গাঁৱৰ বিষয়ে

“হাৰিভাঙ্গা” নামৰ উত্‍পত্তিৰ কাহিনী:

এই গাঁৱৰ নাম “হাৰিভাঙ্গা”। গাওঁখনৰ লিখিত বিৱৰণ হিচাপে কোনো তথ্য পোৱা নাযায়; কিন্তু প্ৰবাদ আৰু লোকবিশ্বাস অনুসৰি গাওঁখনৰ নামৰ উত্পভত্তি সন্দৰ্ভত দুটা কাহিনী পোৱা যায়। প্ৰথম কাহিনী অনুসৰি, দ্বাপৰ যুগত প্ৰভু শ্ৰীকৃষ্ণ আৰু মহাবীৰ জৰাসন্ধ, দুয়োৰে জন্ম হৈছিল। জৰাসন্ধ অতি অত্যাচাৰী ৰজা আছিল। জৰাসন্ধৰক জোঁৱায়েক কংসক হৰিয়ে বধ কৰিছিল। সে‍ই হত্যাৰ পোতক তুলিবলৈ জৰাসন্ধই হৰিৰ লগত যুদ্ধ কৰে আৰু হৰিৰ লগত জৰাসন্ধৰ অষ্টাদশতম যুদ্ধখন এ‍ই ভূ-খণ্ডতে হোৱা বুলি লোকবিশ্বাস আছে। উক্ত যুদ্ধত হৰিয়ে চলনা কৰি জৰাসন্ধৰ হাতত পৰাজয়বৰণ কৰাৰ অভিনয় কৰি যুদ্ধ ভঙ্গ দি পলায়। হৰিয়ে ভঙ্গ দিয়া যুদ্ধখনৰে আঁত ধৰি ঠাইখন প্ৰথমে “হৰিভঙ্গ” নামেৰে জনাজাত আছিল আৰু পিছলৈ “হৰিভঙ্গ”ৰ অপভ্ৰংশ হৈ “হাৰিভাঙ্গা” হোৱা বুলি কোৱা হয়। পৰিৱৰ্তিত সময়ে উক্ত নামৰ কিছু সালসলনি কৰে আৰু বৰ্তমান সময়ত গাওঁখন “হাৰিভাঙ্গা”, “হাৰিভাংগা” আৰু “হাৰিভাঙা” এ‍ই তিনিওটা নামেৰে লিখিত অৱস্থাত পোৱা যায়। ইংৰাজীত HARIBHANGA আৰু নামনি অসমৰ কথিত ভাষাত “হাইৰভাঙা” বুলিও কোৱা হয়। চৰকাৰী নথি অনুসৰি বৰ্তমান গাওঁখন নাম “হাৰিভাঙ্গা” নামেৰে পঞ্জীয়নকৃত।
দ্বিতীয় কাহিনী অনুসৰি, এসময়ত মৰা পাগলাদিয়াৰ এটা সুঁতি উক্ত ভূখণ্ডৰ মাজেৰে বৈ গৈছিল। এ‍ই সুঁতিটোৰ নাম “হোকাখোৱা জান”। হোকাখোৱা জানৰ বুকুৱেদি এসময়ত বেহা-বেপাৰ কৰিবলৈ বৰপেটীয়া মুদৈ আহিছিল আৰু বিশেষকৈ গাখীৰৰ বেহা সেই সময়ত ব্যৱসায়ৰ প্ৰধান উপাদান আছিল। মুদৈয়ে “হাড়ি” (এবিধ মাটিৰ পাত্ৰ, টেকেলি)ত গাখীৰ ভৰাই নাৱঁত তুলি লৈ আহোতে প্ৰাকৃতিক দূৰ্য্যোগৰ সন্মুখীন হয় আৰু সকলোবোৰ নাওঁ দূৰ্ঘটনাপতিত হয়। ফলত গাখীৰ কঢ়িয়াই অনা হাড়িবোৰ উক্ত দূৰ্ঘটনাত ভাঙি চুড়মাৰ হৈ হোকাখোৱা জানৰ আশে পাশে সিঁচৰতি হৈ পৰে। এ‍ই ঘটনাৰ আলমলৈয়ে ওচৰ পাজৰৰ অঞ্চল সমূহৰ ৰাইজে এ‍ই ভূখণ্ডক “হাড়িভাঙা”( হাড়ি + ভাঙা) নাম দিয়ে আৰু কালক্ৰমত ই “হাৰিভাঙ্গা” নামেৰে জনাজাত হৈ পৰে।

প্ৰয়োজনীয় তথ্য:

গাওঁ: হাৰিভাঙ্গা
জিলা: নলবাৰী
মৌজা: নাম্বৰভাগ
আৰক্ষী চকী: টিহু
ডাক সূচাংক: ৭৮১৩৭৮

চাৰিসীমা:

পূৱে বালি গাওঁ, পশ্চিমে মাখিবাহা গাওঁ, উত্তৰে মথুৰাপুৰ গাওঁ, দক্ষিণে সন্ধেলী গাওঁ।

যাতায়াত:

পথ: গুৱাহাটীৰ পৰা টিহুৰ চ’কৰ মাজেৰে টিহু হৈ হাৰিভা‍ঙ্গালৈ দূৰত্ব প্ৰায় ১০০ কিলোমিটাৰ।

গুৱাহাটীৰ পৰা নলবাৰীৰ মাজেৰে চামতা-সাহপুৰ হৈ হাৰিভাঙ্গালৈ দূৰত্ব প্ৰায় ৯০ কিলোমিটাৰ।

গুৱাহাটীৰ পৰা নলবাৰী হৈ কৈঠালকুছিৰ মাজেৰে হাৰিভাঙ্গালৈ দূৰত্ব প্ৰায় ৯০ কিলোমিটাৰ।

যাতায়াত সূচল আৰু দিনৰ প্ৰায়ভাগতে‍ই গাড়ী-মটৰ চলাচল কৰি থাকে।

ৰেল: টিহু ৰেলষ্টেশ্যনৰ পৰা দূৰত্ব ৫ কিলোমিটাৰ।

কৈঠালকুছি ৰেলষ্টেশ্যনৰ পৰা দূৰত্ব প্ৰায় ৬ কিলোমিটাৰ।

হাৰিভাঙ্গা গাঁৱৰ সামগ্ৰিক তথ্য:

১. গাওঁখনে ভৌগলিকভাৱে ২৬০২৬.৭৫ উত্তৰ অক্ষাংশ আৰু ৯১০১৭.৫ পূৱ দ্ৰাঘিমা চুই গৈছে।
২. চৰকাৰী হিচাপত হাৰিভাঙ্গা গাঁৱৰ মাটিকালি প্ৰায ৪৭১৭ বিঘা, অৰ্থাত্‍ ৬৩১.৫৩ হেক্টৰ।
৩. খেতিৰ মাটি প্ৰায় ২১০২ বিঘা, বাসস্থান প্ৰায় ১১০৪ বিঘা, যাতায়ৰ বাবে মাটি প্ৰায় ১৩৭ বিঘা আৰু অন্যান্য পতিত মাটি প্ৰায় ৩৭ বিঘা।
৪. গাঁৱত বনাঞ্চল আৰু চৰণীয়া পথাৰ নাই।
৫. জনসংখ্যা প্ৰায় ৫০০০ জন; ২৫৪০ জন পুৰুষৰ বিপৰীতে ২৪৬০ গৰাকী মহিলা।
৬. পৰিয়াল সংখ্যাৰ পৰা নামবৰভাগ মৌজাৰ ৩১৮৭ পৰিয়ালৰ বিপৰীতে এই গাঁৱৰ পৰিয়ালৰ সংখ্যা ৮৪০টা, তাৰে ১৩৫টা অনুসূচীত জাতিৰ পৰিয়াল।
৭. অনুসূচীত জনজাতি নাই।
৮. চিকিত্‍সালয় এখন, ডাকঘৰ এটা, পশু চিকিত্‍সাৰ উপকেন্দ্ৰ এটা, উচ্চ মাধ্যমিক বিদ্যালয় ( বেচৰকাৰী খণ্ডৰ উচ্চতৰ মাধ্যমিক খণ্ড একেলগে ) এখন, বালিকা উচ্চ মাধ্যমিক বিদ্যালয় এখন, উচ্চ বুনিয়াদী বিদ্যালয় এখন, বহুমুখী সমবায় সমিতি, গাওঁ পঞ্চায়তৰ কাৰ্য্যালয়, গাওঁ উন্নয়ন সমিতি, অসম গ্ৰামীণ বিকাশ বেংক, দুখন সংগীত মহাবিদ্যালয়, দুখন ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান, ৰাজহুৱা পুথিভঁড়াল এটা, ১৬ খন চৰকাৰী প্ৰাথমিক বিদ্যালয়, বাছ আস্থান, অটো আস্থান আৰু পৰিবাহী গাড়ীৰ আস্থান হাৰিভাঙ্গা গাঁৱত আছে।
৯. চৰকাৰী ৰাষ্টা দুটা: উত্তৰা দক্ষিণাকৈ টিহু-সাহপুৰ সংযোগী গড়্কাপ্টানী পথ আৰু পূৱা-পশ্চিমাকৈ মাখিবাহা কৈঠালকুছি সংযোগী গড়কাপ্টানী পথ।
১০. সৰ্বমুঠ চুবুৰীৰ সংখ্যা ১৮টা।

১১. নিতৌ গধূলি হাৰিভাঙ্গা চ’কত হাট বহে।

আঁৰৰ কথা

শ্ৰী শ্ৰী কলীয়া গোঁসাই মহাপ্ৰভুৰ মন্দিৰ নিৰ্মাণৰ কথা:
অষ্টাদশ শতিকাৰ প্ৰায় শেষৰ ভাগত মহাপ্ৰভু শ্ৰী শ্ৰী কলীয়া গোঁসাইৰ আৱিৰ্ভাৱে হাৰিভাঙ্গা গাওঁৰ বুকুলৈ নতুন জাগৰণ আনিলে। এটি সুন্দৰ দিনত মহাপ্ৰভুৰ মন্দিৰ স্থাপনৰ উদ্দেশ্য আগত ৰাখি এখন আলোচনা চক্ৰত গঞা ৰাইজ মিলিত হ’ল। আলোচনামৰ্মে মন্দিৰ নিৰ্মানৰ বাবে এখন কমিটি গঠন কৰা হ’ল। কমিটিখনৰ সভাপতিৰ দ্বায়িত্ব অৰ্পণ কৰা হ’ল পিতাৰাম( উপাধি জনা নাযায়) দেৱক। উক্ত কমিতিৰ সদস্যবৃন্দ আছিল ক্ৰমে বলোৰাম মেম্বৰ, ভবেন্দ্ৰ নাৰায়ণ ভট্ট, ভেবোৰাম ডাকুৱা,বিহুৰাম ডেকা, মহিৰাম মেম্বৰ, কেশৱ চন্দ্ৰ মহাজন, পৰিক্ষীত চেয়াৰ মেন, দাসোৰাম কলিতা,জালিৰাম বায়ন, কনোৰাম মেম্বৰ আৰু বালেক গাওঁবুঢ়া। ওপৰোক্ত কমিটিখনে ৰাইজৰ সহযোগত ১৩১৮ চনৰ পহিলা মাঘৰদিনা সস্তেৰাথেৰ চুবুৰীৰ বকুল তলৰ পৰা প্ৰভুৰ বিগ্ৰহ বৰ্ত্তমানৰ মন্দিৰটোলৈ আদৰি আনে।

মন্দিৰ পৰিচালনা সমিতি:
১৯৯২ চনৰ ১০ মে’ত মন্দিৰ প্ৰাংগণত বহা সাধাৰণ সভাত গৃহিত সিদ্ধান্ত মৰ্মে এখন মন্দিৰ পৰিচালনা সমিটি গঠন কৰা হয়।
প্ৰথম সমিটিখনৰ সৈতে জড়িত লোক সকলৰ নামসমূহ তলত উল্লেখ কৰা হ’ল:
সভাপতি: গংগাৰাম হালৈ
উপ-সভাপতি: যোগেন বৰ্মন
প্ৰধান সম্পাদক: নৃপেন শৰ্মা
সহকাৰী সম্পাদক: অৰবিন্দ কলিতা
সদস্যবৃন্দ: কমলা বৰ্মন, হৰমোহন কলিতা, সুৰেন্দ্ৰ কলিতা, দেৱেন হালৈ, ভৱেন্দ্ৰ কলিতা, ৰোহিত ডেকা, সৰ্বেশ্বৰ কলিতা, হৰিদেৱ    শৰ্মা, ফণিধৰ কলিতা, তৰুণ মেধি, কৰুণা কাকতি, উদয় কলিতা, মথুৰ বৰ্মন আৰু ৰত্নেশ্বৰ কলিতা।

প্ৰভুৰ আৱিৰ্ভাৱৰ কাহিনী

মহাপ্ৰভু শ্ৰী শ্ৰী কলীয়া গোঁসাইৰ আৱিৰ্ভাৱৰ কাহিনী:

[মহাপ্ৰভু শ্ৰী শ্ৰী কলীয়া গোঁসাইৰ আৱিৰ্ভাৱ তথা মন্দিৰৰ উত্পত্তিৰ কাহিনী দৰাচলতে সত্যতাৰ আধাৰত প্ৰতিস্থিত এক লোকপ্ৰবাদহে। সুদূৰ অতীতৰ কোনো লিখিত কাহিনী বুৰঞ্জী আকাৰে আমাৰ হাতত নাই যদিও হাৰিভাঙ্গা গাঁৱৰ একাংশ জীৱিত (কোনো কোনো লোক সম্প্ৰতি আমাৰ মাজত নাই) বয়স্ক পুৰোধা ব্যক্তি সকলৰ একান্ত সহায় সহযোগিতা আৰু অনুপ্ৰেৰণাৰ বলত আমি সংগ্ৰহ কৰা নিন্মলিখিত কাহিনীকে ৰাইজে গৃহিত বুলি স্বীকাৰ কৰিছে। ]

প্ৰবাদ আছে যে,এসময়ত হাৰিভাঙ্গা গাঁৱৰ সস্তেৰাথেৰ চুবুৰীৰ একেবাৰে পশ্চিম মূৰে এগৰাকী অকলশৰীয়া নিপুত্ৰী বিধৱা তিৰোতা বাস কৰিছিল। তেওঁৰ নাম জনা নাযায় যদিও কোনো কোনো লোকে তেওঁক “কুচোথেৰ বুঢ়ী” নামেৰে অভিহিত কৰা তথ্য পোৱা যায়। তিৰোতাগৰাকী বৰ সৰল আৰু পৱিত্ৰ অন্তৰৰ লগতে ধৰ্মপৰায়না আৰু অতিথিপৰায়না আছিল। এদিন সন্ধিয়া পৰত তেওঁৰ ঘৰত এজন কলীয়া বৰণৰ লোক আহি উপস্থিত হয় আৰু ৰাতিটোৰ বাবে বুঢ়ীৰ পঁজাত আশ্ৰয় বিচাৰে। বুঢ়ীয়ে সন্ধিয়াৰ অতিথিক ভগৱানৰ স্বৰূপ জ্ঞান কৰি বৰ আথে বেথে ঘৰৰ ভিতৰলৈ নিমন্ত্ৰে আৰু যত্পৰোনাস্তি সেৱা-শুশ্ৰুষা আগবঢ়ায়। নিশা অতিথিক কি খুৱাব তাকে ভাবি চিন্তি বুঢ়ীয়ে হা-হুমুনিয়াহ কাঢ়ি ৰান্ধনীশাললৈ গৈ ভাত ৰন্ধাৰ যো-জা কৰি থকাৰ সময়তে এক অলৌকিক ঘটনা ঘটে। বুঢ়ীৰ চাউলৰ টেকেলিৰ তলিত এমুঠিমানহে চাউল আছিল,তাকে ধুবলৈ খৰাহীত তোলোতে দেখা পায় যে চাউলৰ টেকেলিটো চাউলেৰে পৰিপূৰ্ণ হৈ আছে। বুঢ়ীয়ে উক্ত ঘটনাক প্ৰভুৰ লীলা বুলি সুঁৱৰি চাউলখিনি “হোকাখোৱা” জানত ধুবলৈ ঘাটলৈ যায়। এ‍ই জানটোৰ দক্ষিণ দিশত বুঢ়ীৰ ঘৰ। “হোকাখোৱা” জানৰ “খখৰা” ঘাটত  বুঢ়ীয়ে যেতিয়া চৰুৰ চাউলখিনি ধুবলৈ হাত পোনায়,সেই সময়তে এটা ৰৌ মাছ জপিয়াই আহি চৰুত পৰে। আচম্বিতে ঘটা উক্ত ঘটনাত বুঢ়ীয়ে নিজকে সৌভাগ্যৱতী জ্ঞান কৰি পৰম ভক্তিৰে ঈশ্বৰৰ লীলাক সোঁৱৰে আৰু  ৰং মনেৰে নিজৰ পঁজালৈ ওভতে। নিশা আলহীক অতি আদৰ সাদৰেৰে আপ্যায়ন কৰিবলৈ সক্ষম হৈ  বুঢ়ীয়ে আত্মসন্তুষ্টি লাভ কৰে। আলহীৰ বাবে নিজৰ বাঁহৰ আধাভগা বিচনাখন ভালদৰে সজাই পৰাই তৈয়াৰ দিয়ে আৰু নিজে মজিয়াৰ মাটিত শু‍ই পৰে। মাজনিশা বুঢ়ীয়ে এটি সপোন দেখিলে। সপোনত এজন দিব্য পুৰুষে বুঢ়ীক ক’লে, “আই, তোমাৰ শুশ্ৰুষাত মই মুগ্ধ হৈছোঁ, সেয়েহে তোমাক আশীৰ্বাদ কৰিলোঁ। মই তোমাৰ গোঁসাই থাপনাৰ ওচৰত এটা বিগ্ৰহ থাপিলোঁ। তাক “কলীয়া” বুলি পূজিবা। তুমি যোৱা সন্ধিয়া থাপনাত যি গছি বন্তি জ্বলাইছিলা,সি সাত দিন সাত ৰাতি ধৰি একেলেথাৰিয়ে জ্বলি থাকিব। তাৰ প্ৰমাণ স্বৰূপে তোমাৰ ঘৰৰ পূৱ দিশত থকা মৃত বকুলজুপিত নতুন কলি মেলিব। জানিবা,হাৰিভাঙ্গা গাঁৱলৈ প্ৰভুৰ “কলীয়া” অৱতাৰৰ আগমন ঘটিছে। সাধ্যানুসাৰে পূজা অৰ্চ্চনা কৰিবা।” এ‍ই সপোন দেখা মাত্ৰকে বুঢ়ীয়ে চক খাই সাৰ পাই উঠে আৰু দেখে যে আলহীজন বিচনাত নাই। লৰালৰিকৈ গোঁসাই থাপনালৈ গৈ দেখে যে থাপনাৰ ওচৰত কলীয়াৰ বিগ্ৰহ এটি প্ৰতিষ্ঠা হৈ আছে আৰু বন্তি গছিও জ্বলি আছে। ইতিমধ্যে ৰাতিও পুৱাবলৈ ধৰিছিল। বাহিৰলৈ ওলাই আহি দেখিলে যে ঘৰৰ পূৱ দিশত থকা মৃত বকুলজুপিৰ গুৰিতে এটি সৰুকৈ কলি ফুটিছে। বুঢ়ীয়ে ৰাতি দেখা সপোনৰ সত্যতাৰ প্ৰমাণ পালে। সমগ্ৰ ভক্তিভাৱেৰে ভগৱানৰ নাম সুঁৱৰি বুঢ়ীয়ে কাহিলীপুৱাতে‍ই গাওঁবাসীৰ আগত সমগ্ৰ ঘটনা বিৱৰি ক’লে আৰু গাওঁবাসীয়ে সভক্তিৰে আহি বুঢ়ীৰ ঘৰৰ ওচৰতে “হোকাখোৱা”জানৰ পাৰত বকুলজুপিৰ তলত সৰুকৈ থান এখন পাতি তাত “কলীয়া গোঁসাই মহাপ্ৰভু”ৰ বিগ্ৰহ স্থাপন কৰে। ফলশ্ৰুতিতে‍ই সি “কলীয়া গোঁসাইৰ থান” হিচাপে জনপ্ৰিয় হয়।